 |
জ্যোতিপ্ৰসাদ আগৰৱালা |
জন্ম আৰু বংশ পৰিচয়
অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ আগবঢ়োৱা বিশাল অৱদানৰ বাবে যিকেইগৰাকী বৰেণ্য ব্যক্তিক লৈ অসমীয়া জাতিয়ে গৌৰৱ অনুভৱ কৰে, তাৰ ভিতৰত জ্যোতিপ্ৰসাদ আগৰৱালা অন্যতম৷ তেওঁ আছিল একেধাৰে কবি-সাহিত্যিক, গীতিকাৰ, সংগীতজ্ঞ, স্থাপত্যবিদ্, নাট্যকাৰ, অভিনেতা, চলচ্ছিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী৷ অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অনৱদ্য বৰঙণিৰে এই ৰূপৰ সাধকগৰাকী চিৰকাল জ্যোতিষ্মান হৈ থাকিব, ‘ৰূপকোঁৱৰ’ হিচাপে জিনি থাকিব অসমীয়া জাতিৰ হৃদয়ত৷
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূবৰ্পুৰুষ ৰাজস্থানৰ পৰা অহা নৱৰংগ আগৰৱালা নামৰ এজন মাৰোৱাৰী সম্প্ৰদায়ৰ লোক৷ তেওঁ ব্যৱসায় কৰিবলৈ অসমলৈ আহি অসমীয়া মানুহৰ সহৃদয়তাত মুগ্ধ হৈ বিশ্বনাথৰ পৰা কুৰি মাইল আঁতৰৰ গমিৰি গাঁৱৰ বিখ্যাত ৰাজখোৱা ঘৰৰ জীয়ৰী সাদৰীক বিয়া কৰায়৷ অসমীয়া ছোৱালী বিয়া কৰোৱাৰ পিছত তেওঁ তেজপুৰ চহৰত মাটি কিনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি সম্পূৰ্ণ অসমীয়া হৈ পৰিল৷ নৱৰংগ আগৰৱালাৰ তিনিজন পুতেক ক্ৰমে হৰিবিলাস, ঠানুৰাম আৰু বান্দীৰাম৷ ১৮৮২ চনত জন্ম গ্ৰহণ কৰা হৰিবিলাস আগৰৱালাই হ’ল জ্যোতিপ্ৰসাদৰ ককাদেউতাক৷ তেওঁ ছয়দুৱাৰ অঞ্চলৰ গহপুৰৰ হাজৰিকা বংশৰ মলমা আইদেউৰ লগত বিবাহপাশত আবদ্ধ হয়৷ হৰিবিলাস আগৰৱালাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে হাতে লিখা কীৰ্ত্তন, নামঘোষা, শ্ৰীমদ্ভাগৱত, বৰগীত আদি সাঁচিপতীয়া পুথিসমূহ অসমীয়া ভক্তিপৰায়ণ লোকসকলে সহজেই পোৱাকৈ ছপা কৰি কিতাপ আকাৰে প্ৰকাশ কৰি আগবঢ়ায়৷
হৰিবিলাস আগৰৱালাৰ পাঁচজন পুতেকৰ দ্বিতীয়জন পুতেক জ্যোতিপ্ৰসাদৰ বৰদেউতাক চন্দ্ৰকুমাৰ আগৰৱালাই লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, লম্বোদৰ বৰা, ৰমাকান্ত বৰকাকতী, কনকলাল বৰুৱা আদিকে ধৰি অসমীয়া সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহী বন্ধ³বৰ্গৰ সহযোগত ১৮৮৯ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা চমুকৈ অ. ভা. উ. সা. সভাৰ মুখপাত্ৰ, মাহেকীয়া সাহিত্য-আলোচনী ‘জোনাকী’ প্ৰকাশ কৰে৷ ইয়াৰ প্ৰথমগৰাকী সম্পাদক, প্ৰকাশকেই আছিল এই চন্দ্ৰকুমাৰ আগৰৱালা৷ অৱশ্যে সেই সময়ত চন্দ্ৰকুমাৰে আগৰৱালাৰ সলনি গুপ্তা উপাধি লিখিছিল৷ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ এজন এই চন্দ্ৰকুমাৰ
আগৰৱালাৰ অসম আৰু অসমীয়া ভাষাৰ উন্নতিৰ বাবে কিবা কৰাৰ প্ৰবল ধাউতি আছিল৷ তেওঁৰ কবিতাই অসমীয়া ৰোমাণ্টিক সাহিত্যক সমৃদ্ধ কৰি তুলিছিল৷ ‘প্ৰতিমাৰ খনিকৰ’ নামেৰে পৰিচিত চন্দ্ৰকুমাৰ আগৰৱালাই ‘প্ৰতিমা’ আৰু ‘বীণ-বৰাগী’ নামেৰে দুখন কবিতা পুথি ৰচনা কৰাৰ উপৰি ‘অসমীয়া’ নামেৰে এখন সাপ্তাহিক বাতৰি কাকতো প্ৰকাশ কৰিছিল৷ হৰিবিলাস আগৰৱালাৰ আনকেইগৰাকী পুত্ৰ বিষ্ণুপ্ৰসাদ, কৃষ্ণপ্ৰসাদ আৰু জীয়েক যজ্ঞেশ্বৰীও [আইটী] সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহী আছিল৷ বিষ্ণুপ্ৰসাদে ‘জোনাকী’ত নিয়মিত প্ৰবন্ধ-পাতি লিখিছিল৷ তেওঁ লিখা শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী ‘জোনাকী’ত ধাৰাৱাহিকৰূপে প্ৰকাশ পাইছিল৷ আনহাতে হৰিবিলাসৰ আন দুজন পুতেক পৰমানন্দ আৰু গোপালচন্দ্ৰৰ সংগীত চৰ্চাৰ প্ৰতি ধাউতি আছিল৷ হৰিবিলাসৰ সৰু মাজু পুতেক জ্যোতিপ্ৰসাদৰ দেউতাক পৰমানন্দ আগৰৱালাই সংগীতত বিশেষ বু্যৎপত্তি লাভ কৰিছিল৷ তেওঁ শিৱসাগৰৰ ছোৱালী কিৰণময়ীক বিয়া কৰায়৷ এওঁলোকৰ পাঁচজন পুত্ৰ আৰু দুজনী ছোৱালী৷ পুত্ৰসকল ক্ৰমে জ্যোতিপ্ৰসাদ, সূৰ্যপ্ৰসাদ, কমলাপ্ৰসাদ, বিবেকানন্দ আৰু হৃদয়ানন্দ৷ কন্যা হ’ল নীৰা আৰু অন্নপূৰ্ণা৷ ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত পৰমানন্দ আগৰৱালাৰ প্ৰথম সন্তান ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়৷
শিক্ষা জীৱন
সময় বোৱঁতী নদীৰ পানীৰ দৰে পাৰ হৈ যায়৷ জ্যোতিৰো খেল-ধেমালিৰ মাজেৰে পাৰ হৈ গ’ল ছটা বছৰ৷ সাত বছৰ বয়সত, ১৯১১ চনত দেউতাকে জ্যোতিক তেজপুৰৰ বিদ্যালয় এখনত নাম লগাই দিয়ে৷ কিন্তু পঢ়া-শুনাৰ প্ৰতি সমূলি ধাউতি নথকাত মাক-দেউতাক চিন্তিত হৈ পৰে৷ তেওঁলোকে ডিব্ৰুগড়ত থকা বৰদেউতাক চন্দ্ৰকুমাৰ আগৰৱালাৰ লগতে ৰাখি জ্যোতিক পI.াবলৈ সিদ্ধান্ত কৰিলে৷
বৰদেউতাক চন্দ্ৰকুমাৰ আগৰৱালাই জ্যোতিক ডিব্ৰুগড় চৰকাৰী হাইস্কুলত নাম লগাই দিয়ে৷ তাত কিছুদিন পI.াৰ পাছতে ডিব্ৰুগড়ৰ জৰ্জ স্কুলত নাম লগায়৷ তাতেই জ্যোতিয়ে শিক্ষক হিচাপে পায় ‘বনফুল’ৰ কবি যতীন্দ্ৰনাথ দুৱৰা আৰু ‘নিজৰা কবি’ শৈলধৰ ৰাজখোৱাক৷ দুয়োগৰাকী কবিৰ সান্নিধ্যই জ্যোতিৰ মনত ৰেখাপাত কৰিছিল৷ ডিব্ৰুগড়ত দুবছৰ পঢ়াৰ পিছত জ্যোতিক পুনৰ তেজপুৰলৈ লৈ যায় আৰু তেজপুৰ চৰকাৰী হাইস্কুলত নাম লগাই নিজা বাসগৃহতে থাকি পঢ়া-শুনা কৰিবলৈ দিয়ে৷ ১৯২১ চনত এই তেজপুৰ হাইস্কুলৰ পৰাই জ্যোতিয়ে প্ৰৱেশিকাৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হয়৷ কিন্তু সেই সময়তে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি অসহযোগ আন্দোলন আৰম্ভ হোৱাত জ্যোতিৰ চূড়ান্ত পৰীক্ষাত বহা নহ’ল৷ তেওঁ আন্দোলনত অংশগ্ৰহণ কৰি গান্ধীজীৰ বাণী আৰু স্বাধীনতাৰ কথা প্ৰচাৰ কৰাত লাগে৷
১৯২২ চনত জ্যোতিপ্ৰসাদ কলিকতালৈ যায় আৰু দেশবন্ধু চিত্তৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা জাতীয় বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা দি দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়৷ ইয়াৰ পাছত তেওঁ কলিকতাৰ নেছনেল কলেজৰ আই এ শাখাত নাম লগাই দ্বিতীয় বাৰ্ষিকলৈকে পঢ়াৰ পিছত কিবা কাৰণত কলেজখন হঠাতে বন্ধ হৈ যোৱাত জ্যোতিয়ে শিক্ষা সমাপ্ত নকৰাকৈ অসমলৈ উভতি আহে৷ অসমলৈ আহি তেওঁ বৰদেউতাক চন্দ্ৰকুমাৰ আগৰৱালাৰ ওচৰলৈ যায়৷ সেই সময়ত বৰদেউতাকে গুৱাহাটীত ‘নিউ প্ৰেছ’ নামৰ ছপাশাল এটা স্থাপন কৰি ডিব্ৰুগড়ৰ পৰা প্ৰকাশ কৰি থকা ‘অসমীয়া’ নামৰ সাপ্তাহিক কাকতখন ইয়াৰ পৰা প্ৰকাশ কৰিছিল৷ সেই সময়ত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বাঁহী’ নিউ প্ৰেছৰ পৰা উলিয়াইছিল৷ জ্যোতিয়ে তাত প্ৰেছৰ কাম শিকাৰ লগতে বৰদেউতাকৰ ওচৰত কাকত সম্পাদনাৰ কামো শিকে৷ তাৰ পিছত তেওঁ আধৰুৱা শিক্ষা সমাপ্ত কৰিবলৈ বিলাতলৈ [ইংলেণ্ড] যাবলৈ মন মেলে৷
১৯২৬ চনত জ্যোতিপ্ৰসাদ আগৰৱালা বিলাতলৈ গৈ তাৰ বিখ্যাত এদিনবৰা বিশ্ববিদ্যালয়ত বাছনি পৰীক্ষা দিয়ে৷ কিন্তু তেওঁ বাছনি পৰীক্ষাত আন বিষয়ত উত্তীৰ্ণ হ’লেও গণিতত বেয়া কৰাত অকৃতকাৰ্য হয়৷ সাতোটা বিষয়ত অধ্যয়ন কৰিবলগীয়া বিশ্ববিদ্যালয়ৰ এই শিক্ষা ব্যৱস্থাত গণিত বিষয়ত আকৌপিছত পাছ কৰাৰ চৰ্ত সাপেক্ষে বিশ্ববিদ্যালয়ৰ কতৃৰ্পক্ষই উচ্ছ শিক্ষাৰ বাবে অনুমতি দিয়ে৷ কিন্তু তেওঁ বিশ্ববিদ্যালয়ৰ চৰ্ত পূৰণ কৰিব নোৱাৰিলে৷ জ্যোতিৰ উচ্ছ শিক্ষাৰ সপোনো সিমানতে অন্ত পৰে৷ বিশ্ববিদ্যালয়ৰ কোনো ডিগ্ৰী লাভ নকৰাকৈ তেওঁ বিলাতৰ পৰা জাৰ্মানীৰ ৰাজধানী বাৰ্লিনলৈ যায়৷
বাৰ্লিন যাত্ৰা, ফ্ৰান্স-তুৰস্ক ভ্ৰমণ, আন্দোলন
আৰু চিনেমা নিৰ্মাণ
জ্যোতিপ্ৰসাদ আগৰৱালাই বাৰ্লিনত ‘বম্বে টকীজ’ৰ প্ৰতিষ্ঠাতা হিমাংশু ৰায়ক লগ পায়৷ সেই সময়ত তেওঁ বাৰ্লিনৰ প্ৰসিদ্ধ চিনেমা নিৰ্মাণ কোম্পানী ‘ইউ.এফ.এ.জি.’ত (Universum Flims Akjen Geselshaft) আছিল৷ সেই সময়ত তেওঁ ‘লাইট অফ্ এছিয়া’ নামৰ চিনেমাখন নিৰ্মাণ কৰিছিল৷ জ্যোতিপ্ৰসাদ আগৰৱালাই এই হিমাংশু ৰায়ৰ পৰাই সাত মাহ কাল চিনেমা প্ৰযোজনা, পৰিচালনা, চিত্ৰনাট্য লিখা আদি চিনেমা সম্পক¹য় বিষয়বোৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰে৷
বাৰ্লিনৰ পৰা তেওঁ ফ্ৰান্স, তুৰস্ক, আৰব আদি মধ্য প্ৰাচ্যৰ দেশসমূহৰ স্থাপত্য-ভাস্কৰ্য দৰ্শন কৰে৷ এই ভ্ৰমণে জ্যোতিৰ সংস্কৃতি-প্ৰয়াসী মনটোক বাৰুকৈয়ে প্ৰভাৱিত কৰে৷
১৯৩০ চনত জ্যোতিপ্ৰসাদ অসমলৈ উভতি আহে আৰু স্বাধীনতা আন্দোলনৰ ব্যাপক প্ৰসাৰত দেহে-কেহে লাগি যায়৷ সেই সময়ত মহাত্মা গান্ধীয়ে সাৱৰমতী আশ্ৰমৰ পৰা দাণ্ডি লৈ গৈ নিজ হাতেৰে নিমখ তৈয়াৰ কৰি ব্ৰিটিছ চৰকাৰৰ নিমখ আইন ভংগ কৰিছিল৷ গান্ধীজীয়ে উত্তৰ-পূবৰ্াঞ্চলতো আন্দোলনৰ প্ৰসাৰ কৰাৰ উদ্দেশ্যে অসমলৈ আহি গুৱাহাটীৰ পৰা তেজপুৰলৈ যায় আৰু তেজপুৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰতে আলহী হয়৷ ৰূপকোঁৱৰগৰাকীক গান্ধীজীৰ নিবিড় সান্নিধ্যই আন্দোলনৰ প্ৰতি আৰু বেছি আকৰ্ষিত কৰিলে৷ আনকি তেওঁ নিমখ সত্যাগ্ৰহ অভিযানৰ সবৰ্াধিনায়ক আৰু তেজপুৰ শাখা কংগ্ৰেছ সেৱাদলৰ সম্পাদক হিচাপে গাঁৱে-ভূঞে সংগঠনৰ কামত ঘূৰি ফুৰে৷ ওখ-পাখ, সুশ্ৰী, উজ্জ্বল মুখমণ্ডলৰ গৰাকী ৰূপকোঁৱৰৰ তেজস্বী ভাষণৰ লগতে তেওঁ লিখা দেশপ্ৰেমমূলক গীতসমূহে ৰাইজক আন্দোলনৰ প্ৰতি প্ৰভাৱিত কৰিছিল৷ সশস্ত্ৰ বাহিনীৰ অস্ত্ৰতকৈ স্বাধীনতা আন্দোলনত ৰাইজক জগাই তুলিবলৈ ৰূপকোঁৱৰৰ গীতবোৰে অধিক শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল৷ সেইবাবেই তেওঁ অতি সোনকালে ব্ৰিটিছ চৰকাৰৰ দৃষ্টিগোচৰত পৰে আৰু তেওঁক গ্ৰেপ্তাৰ কৰি ১৫ মাহ কাৰাবাস আৰু ৫০০ টকাৰ জৰিমনা বিহে৷
কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত জ্যোতিপ্ৰসাদে ১৯৩৪ চনত কলংপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ পৰিচালনাৰ দায়িত্ব লয় আৰু লগতে সাহিত্য, সংস্কৃতিৰ সেৱাতো সম্পূৰ্ণ মনোনিৱেশ কৰে৷ বাৰ্লিনত লাভ কৰা চিনেমা সম্পক¹য় অভিজ্ঞতাৰে ভোলাগুৰি চাহ বাগিচাত অস্থায়ী ষ্টুডিঅ’ ‘চিত্ৰবন’ স্থাপন কৰে আৰু অসম বুৰঞ্জীৰ এটা হৃদয়পৰশা কাহিনী লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘জয়মতী’ক চিনেমা ৰূপ দিয়াৰ কাম হাতত লয়৷ চিনেমাত অভিনয় কৰাৰ বা চিনেমা চাবলৈকে নোপোৱা এচাম শিল্পীক লৈ চিনেমা নিৰ্মাণ কৰাটোও জ্যোতিৰ জীৱনৰ এক সংগ্ৰামেই আছিল৷ তাতে সেই সময়ত তিৰোতা মানুহে অভিনয় কৰাটো অসমীয়া সমাজত ভাল দৃষ্টিৰে নাচাইছিল বাবে কোনো অসমীয়া ছোৱালীয়ে অভিনয় কৰিবলৈ আগবািI. অহা নাছিল৷ তদুপৰি চিনেমা নিৰ্মাণৰ বাবে আৱশ্যকীয় ৫০ হাজাৰ টকা যুগুত কৰাটোও সহজ কথা নাছিল৷ তথাপি বিভিন্ন ধৰণৰ সমস্যা জয় কৰি জ্যোতিয়ে আইদেউ সন্দিকৈ, মোহিনী ৰাজকুমাৰী, স্বৰ্গজ্যোতি বৰুৱা, নৰেন বৰদলৈ, ফুনু বৰুৱা, গজেন বৰুৱা, ফণী শৰ্মা আদিক অভিনয় শিল্পী হিচাপে লৈ লাহোৰৰ পৰা কেমেৰা আৰু অন্যান্য সা-সঁজুলি আনি চিনেমা নিৰ্মাণত লাগে৷ কিন্তু সেই সময়তে অগা-পিছাকৈ মাক-দেউতাক দুয়োৰে মৃতু্য হোৱাত জ্যোতিপ্ৰসাদৰ চিনেমা নিৰ্মাণৰ কামত কিছুদিন বাধা আহে যদিও ১৯৩৫ চন১১০ মাৰ্চত কলিকতাৰ ‘ৰাওনাক মহল’ চিনেমা গৃহত প্ৰথম অসমীয়া ছবি ‘জয়মতী’ক মুক্তি দিবলৈ সক্ষম হয়৷ ১৯৩৭ চনত অসমীয়া মানুহক চিনেমা দেখুওৱা উদ্দেশ্যে তেজপুৰত তেওঁ ‘জোনাকী’ নামেৰে এটা চিনেমাগৃহ স্থাপন কৰে৷ ইয়াৰ পিছত তেওঁ অতি কম খৰচত মাত্ৰ ১৫ হাজাৰ টকাত নিজা কাহিনীৰে ১৯৩৯ চনত দ্বিতীয়খন ছবি ‘ইন্দ্ৰমালতী’ নিৰ্মাণ কৰে৷
দেৱযানীৰ লগত পাৰিৱাৰিক জীৱনৰ পাতনি
১৯৩৬ চনত ডিব্ৰুগড়ৰ খগেশ্বৰ ভূঞাৰ কন্যা দেৱযানীক বিয়া কৰাই জ্যোতিপ্ৰসাদ আগৰৱালাই পাৰিৱাৰিক জীৱন আৰম্ভ কৰে৷ তেওঁলোকৰ মুঠ সাতটা ল’ৰা-ছোৱালীৰ দুজন ল’ৰা ক্ৰমে চিন্ময়, বিশ্বেন্দু আৰু পাঁচজনী ছোৱালী ক্ৰমে জয়শ্ৰী, জ্ঞানশ্ৰী, সত্যশ্ৰী, হেমশ্ৰী আৰু মনশ্ৰী৷ হাৰমনিয়াম বজোৱা, গান গোৱা, কবিতা আবৃত্তি কৰা আদি শিকাই এটা সুস্থ পৰিৱেশৰ মাজেৰেই জ্যোতিয়ে তেওঁৰ ল’ৰা-ছোৱালীকেইটা ডাঙৰ কৰিছিল৷ সদায় পৰিপাটিকৈ থাকি ভালপোৱা জ্যোতিয়ে নিজৰ ল’ৰা-ছোৱালীক সৰুৰে পৰাই নিয়মানুৱত¹ আৰু ঘৰখন পৰিপাটিকৈ ৰখাৰ শিক্ষা দিছিল৷ আজৰি সময়ত জ্যোতিয়ে ল’ৰা-ছোৱালীকেইটাক লগত লৈ জাৰৰ দিনত জুহালৰ কাষত বহি সাধু কোৱা, বৰশী বাই মাছ ধৰা, জুতি লগাই ৰন্ধা-বঢ়া কৰাৰ কামবিলাক নিজেও কৰিছিল আৰু সিহঁতকো তেনে কৰিবলৈ উৎসাহিত কৰিছিল৷
১৯৪৯ চনত সৰু সৰু ল’ৰা-ছোৱালীকেইটা এৰি মাত্ৰ ২৯ বছৰ বয়সতে পত্নী দেৱযানীৰ মৃতু্য হয়৷ পত্নীৰ মৃতু্যৱে মানসিকভাৱে জ্যোতিক দুবৰ্ল কৰি তুলিলে৷
সংগীত, নাটক, কবিতাৰে
যাত্ৰা পোহৰৰ দিশত
জ্যোতিপ্ৰসাদ আগৰৱালাই মাত্ৰ ১৪ বছৰ বয়সতে ‘শোণিত কুঁৱৰী’ নাটক ৰচনা কৰি সাহিত্য জীৱনৰ পাতনি মেলে৷ সেই বয়সতে নাটকখনত প্ৰয়োগ কৰা গীত, সংলাপ আৰু কাব্যৰসৰ পৰাই ৰূপকোঁৱৰগৰাকীৰ সাহিত্য প্ৰতিভাৰ উমান পাব পাৰি৷ তেজপুৰ হাইস্কুলত পিI. থাকোতেই ‘জোনাকী’ নামৰ হাতে লিখা কাকত এখন তেওঁ সম্পাদনা কৰি প্ৰকাশ কৰিছিল আৰু তাত গল্প, প্ৰবন্ধ, কবিতা লিখিছিল৷ কবিতা, নাটক, গীত, প্ৰবন্ধ, গল্প, শিশু সাহিত্য আদি বিবিধ বিষয়ত জ্যোতিপ্ৰসাদে অসমীয়া সাহিত্যৰ সেৱা কৰে৷ চন্দ্ৰকুমাৰ আগৰৱালাৰ জীৱনী লিখি জীৱনী সাহিত্যতো হাত বুলায়৷ নতুন পূজা, অসমীয়া সংস্কৃতি, মহাত্মা গান্ধীৰ জীৱন সোঁৱৰণী, শিল্পীৰ পৃথিৱী, আইদেউৰ জোনাকী বাট, পোহৰ, অসমীয়া সংগীতৰ ধাৰা, অসমত ফিল্ম শিল্প গI.াত অসমীয়া দৰ্শকৰ দায়িত্ব, প্ৰাগজ্যোতিকা, তৰুণ তপৰ্ণ, বেজবৰুৱাৰ প্ৰতিভা, বিয়াল্লিছৰ কাহিনী, নতুন দিনৰ কৃষ্টি আদি প্ৰবন্ধ ৰচনা কৰে৷ কাৰেঙৰ লিগিৰী, ৰূপালীম, নিমাতী কন্যা বা ৰূপকোঁৱৰ, সোণ পখিলী [অসম্পূৰ্ণ], লভিতা, খনিকৰ, কনকলতা আৰু সুন্দৰ কোঁৱৰ, শোণিত কুঁৱৰী আদি নাটক ৰচনা কৰাৰ উপৰি তেওঁ ৰূপহী, বগীতৰা, সোণতৰা, সোণটিৰ অভিমান, যুঁজাৰু, সতীৰ সোঁৱৰণী, সন্ধ্যা, প্ৰত্নতাত্ত্বিক কলাঘুমটি, শিলাকুটি আৰু নীলাচৰাই নামৰ চুটিগল্প ৰচনা কৰে৷ তেওঁ শিশুৰ বাবে ৰচনা ‘জ্যোতি-ৰামায়ণ’ৰ যোগেদি হাস্য-ব্যংগৰ সোৱাদ দিয়াৰ লগতে মহাকাব্য ৰামায়ণৰ অন্যায়-দুষ্কৃতিৰ বিৰুদ্ধে যুঁজাৰ মানসিকতাৰ কাহিনী প্ৰকাশ কৰিছিল৷ সৰুতেই জ্যোতিয়ে আইতাকৰ পৰা আইনাম, বিয়ানাম, নিচুকনি গীত, কীৰ্ত্তনৰ পদ শুনিছিল আৰু দেউতাকৰ পৰা ভায়’লিন, হাৰমনিয়াম বজাবলৈ শিকিছিল৷ পিছত তেওঁ ভাৰতীয় হিন্দুস্তানী ৰাগ-সংগীত আৰু পশ্চিমীয়া সংগীতৰ সুৰৰো সাধনা কৰিছিল৷ থলুৱা, প্ৰাচ্য-পাশ্চাত্য এই সকলো সংগীতৰ সংমিশ্ৰণত তেওঁ নিজৰ গীতসমূহৰ সুৰ ৰচনা কৰে৷ ‘অসমীয়া’ কাকতৰ ‘অকণমানিৰ চ’ৰা’ত ঘোঁৰা ডাঙৰীয়া, ওলোম ৰজাৰ ঢোলোম মন্ত্ৰী, জয়গোসাঁনী আৰু ৰজাৰ ল’ৰা, ইন্দ্ৰধনুৰ সাতবৰণীয়া বাটেদি গৈ কি পালেগৈ, জোনাকী ফুলনিৰ সোণালী পখিলী আদি কাহিনী-গল্প ৰচনা কৰে৷ তেওঁ ৰচনা কৰা একমাত্ৰ উপন্যাসখন হ’ল ‘আমাৰ গাঁও’৷
মাটিৰ মানুহ হিচাপেই সেৱা কৰি গ’ল
জ্যোতিপ্ৰসাদ আগৰৱালাই গুৱাহাটীৰ নিউ প্ৰেছত কাম কৰি থাকোতে ‘কুমাৰ ভাস্কৰ’ নাট্য মন্দিৰৰ নতুন মঞ্চ নিৰ্মাণত বিশেষ আগভাগ লৈছিল৷ ‘কাৰেঙৰ লিগিৰী’ নাটকখন ৰচনাৰ কামতো তেওঁ তেতিয়াই হাত দিয়ে৷ বিলাতলৈ যোৱাৰ আগতে তেওঁ তেজপুৰত থকা দিনকেইটাত তাৰ বাণ থিয়েটাৰত অভিনয় কৰি সোণৰ আৰু ৰূপৰ পদক লাভ কৰিছিল৷ ১৯৩৪ চনত বকুল বনৰ কবিখ্যাত আনন্দচন্দ্ৰ বৰুৱাই অসমীয়া শিল্প-সাহিত্য-সংস্কৃতিলৈ আগবেI.াৱা বিশেষঅৱদানত মুগ্ধ হৈ তেওঁক ‘ৰূপকোঁৱৰ’ উপাধিৰে বিভূষিত কৰে৷ ১৯৪০ চনত তেওঁ এখন সংগীত বিদ্যালয়ৰ অভাৱ অনুভৱ কৰি তেজপুৰত ‘তেজপুৰ সংগীত মহাবিদ্যালয়’ প্ৰতিষ্ঠা কৰে৷ ১৯৪৮ চনত প্ৰতিষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয় নিৰ্মাণতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ ‘অসমীয়া’ৰ সম্পাদক হৈ থকাৰ সময়ত তেওঁ ‘বেচৰকাৰীকৈ হ’লেও অসম বিশ্ববিদ্যালয় পাতিবই লাগিব’ বুলি সম্পাদকীয় লিখি বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী জনাইছিল৷
১৯৪২ চনৰ ‘ভাৰত ত্যাগ’ আন্দোলনত তেওঁ ‘কংগ্ৰেছ শান্তি বাহিনী’ৰ অধিনায়কৰ দায়িত্ব লৈ আন্দোলনত লাগিছিল৷ সেই সময়ত তেজপুৰ অঞ্চলৰ তেওঁৰ সংগ্ৰামী সতীৰ্থসকল আছিল অমিয় কুমাৰ দাস, গহন চন্দ্ৰ গোস্বামী, বিজয় চন্দ্ৰ ভাগৱতী, পু্ষ্পলতা দাস আদি৷ আন্দোলনত লাগি থাকোতেই জ্যোতি পিত্ত ৰোগত আক্ৰান্ত হৈছিল আৰু স্বাস্থ্য একেবাৰেই ভাগি পৰিছিল৷ তথাপি ভগ্ন স্বাস্থে্যৰেই তেওঁ অমিয় কুমাৰ দাসৰ লগত চাইকেলেৰে বা খোজ কািI. গৈ আন্দোলনৰ সভা-সমিতিত অংশ গ্ৰহণ কৰিছিল৷ পূবৰ্ৰে পৰা জ্যোতিয়ে নিজা উদে্যাগত ‘কংগ্ৰেছ স্বেচ্চাসেৱক বাহিনী’ গঠন কৰি স্বাধীনতা আন্দোলনৰ প্ৰতি জনসাধাৰণক সজাগ কৰি তুলিবলৈ চেষ্টা কৰি আহিছিল আৰু তাৰ উদ্দেশ্যেই ‘বিশ্ববিজয়ী ন-জোৱানযশক্তিশালী ভাৰতৰযওলাই আহা ওলাই আহাযসন্তান তুমি বিপ্লৱৰ...’ দৰে দেশপ্ৰেমমূলক গীতসমূহ ৰচনা কৰিছিল৷ ইতিমধ্যে জ্যোতিক ধৰিবলৈ ইংৰাজ চৰকাৰে চেষ্টা চলায় আৰু পলাতক বুলি ঘোষণা কৰে৷ তেওঁ কলিকতালৈ গৈ আত্মগোপন কৰে আৰু তাৰ স্বাধীনতা আন্দোলনকাৰীৰ সান্নিধ্যত আন্দোলনৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ পৰিকল্পনাতো অংশ লয়৷সেই সময়তে গান্ধীজীয়ে নিৰ্দেশ দিয়ে যে প্ৰকৃত সত্যাগ্ৰহীসকলে আত্মগোপন কৰাটো উচিত নহয়, এই কাৰ্যই কংগ্ৰেছৰ নীতিহে ভংগ কৰিছে, তেতিয়া গান্ধীজীৰ অহিংসা নীতিৰ সমৰ্থক জ্যোতিয়ে তেওঁৰ কথাক সন্মান জনাই তেজপুৰলৈ আহি ১৯৪৩ চনত ইংৰাজৰ হাতত গ্ৰেপ্তাৰ বৰণ কৰে৷ অৱশ্যে উপযুক্ত প্ৰমাণৰ অভাৱত তেওঁ মুক্তি পায়৷
১৯৪৪ চনত ইতিমধ্যে বন্ধ হৈ থকা ‘অসমীয়া’ কাকতখন প্ৰকাশৰ ব্যৱস্থা কৰে আৰু নিজে সম্পাদকৰ দায়িত্ব লয়৷ কিন্তু সাতমাহৰ পিছতে পুনৰ জ্যোতিৰ স্বাস্থ্যৰ অৱনতি ঘটাত কাকতৰ কাম এৰি পৰিয়ালসহ ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত থাকিবলৈ লয়৷ এই সময়তো তেওঁ নিৰৱে সাহিত্য সেৱা চলাই গৈছিল৷ বিভিন্ন কবিতা, প্ৰবন্ধ লিখাৰ লগতে লভিতা, ৰূপকোঁৱৰ নাটক সম্পূৰ্ণ কৰে আৰু কনকলতা নাটকখনৰ ৰচনাত হাত দিয়ে৷
১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে৷ কিন্তু এই স্বাধীনতাই গান্ধীজীৰ সপোনৰ ৰামৰাজ্যৰ প্ৰতিষ্ঠা কৰাৰ ছবি দেখা পোৱা নগ’ল, তাৰ পৰিৱৰ্তে হিন্দুস্তান,
পাকিস্তান নামেৰে ভাৰতদুভাগত বিভক্ত হ’ল আৰু জনসাধাৰণৰ অৱস্থাৰো কোনো পৰিৱৰ্তন নহ’ল৷ স্বাধীনতাৰ পিছৰ সাম্প্ৰদায়িক সংঘৰ্ষই বহু নিৰীহৰ জীৱন ধ্বংস কৰিলে৷ জ্যোতিপ্ৰসাদৰ দৰে বহু প্ৰকৃত স্বাধীনতা-প্ৰয়াসী হতাশ হ’ল৷
জ্যোতিপ্ৰসাদ আগৰৱালাই ভাৰতীয় গণ নাট্য সংঘৰ অসম শাখাৰ লগত জড়িত হৈ গণশিল্পী হেমাংগ বিশ্বাসৰ লগ লাগি এক সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰিছিল৷ পুৰণি সংস্কৃতিক নতুন সাজেৰে সজাই জনতাৰ কাষলৈ লৈ যাব খোজা জ্যোতিয়ে বিশ্বাস কৰিছিল যে ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে, নহ’লে ইতিহাসৰ সুন্দৰ আলোকময় অব্যৰ্থ যাত্ৰা ব্যৰ্থ হ’ব৷
১৯৪৯ চনত ১৫, ১৬ জুলাইত ভাৰতীয় গণ নাট্য সংঘৰ অসম শাখাৰ উদে্যাগত এখন সভা অনুষ্ঠিত হৈছিল ডিব্ৰুগড় নালিয়াপুলত৷ ভাৰতীয় গণ নাট্য সংঘ কমিউনিষ্ট দলৰে এটা অনুষ্ঠান বুলি স্বাধীন ভাৰতৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে ইয়াক বিৰূপ মনোভাবেৰে লোৱাৰ পৰিণতিতে জনসাধাৰণৰ মাজত চৰকাৰৰ সংঘাত হয়৷ ১৭ জুলাইত তাত এক বিশাল সমাৱেশ হৈছিল৷ এই সমাৱেশতে চৰকাৰী পক্ষৰ পুলিচ, মিলিটাৰীৰ লগত হোৱা জনসাধাৰণৰ সংঘৰ্ষৰ সূত্ৰপাতত এজন পুলিচ বিষয়াৰ মৃতু্য হোৱাৰ লগতে মিলিটাৰীৰ গুলীত বহু সাধাৰণ নাগৰিক আহত হয় আৰু দুগৰাকী নাৰীয়ে মৃতু্যবৰণ কৰিবলগীয়া হয়৷ সেই সময়ত জ্যোতিৰ চৰকাৰী পক্ষৰ এই ববৰ্ৰ কাণ্ডৰ প্ৰতিবাদ ‘নালিয়াপুলৰ বিপদ-সংকেত’ বিবৃতিটো কিন্তু অসমৰ কোনো এখন কাকততে প্ৰকাশ নকৰিলে৷
জ্যোতিপ্ৰসাদৰ ছবি নিৰ্মাণৰ বিফল ব্যৱসায়ে ভোলাগুৰি চাহ বাগিচাৰ অৰ্থনৈতিক দিশ দুবৰ্ল কৰি পেলায়৷ সেই সময়ত বহু সমালোচকৰ ‘জয়মতী’ ছবিক লৈ কৰা কটু সমালোচনাও একপ্ৰকাৰে দায়ী৷ ইয়াৰ প্ৰতিবাদত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল, ‘...আন দহজন ধনী ঘৰৰ ডেকাৰ দৰে তেওঁ নিজৰ সুখস্পৃহা চৰিতাৰ্থ কৰি ভৰিৰ ওপৰত ভৰি তুলি থৈ মহা সুখেৰে জীৱন কটোৱাত তেওঁৰ ব্যাঘাত নঘটিলেহেঁতেন৷ তেওঁ হেজাৰ হেজাৰ ধন খৰচ কৰি, অক্লান্তভাৱে পৰিশ্ৰম কৰি, অসমত অসমীয়াৰ প্ৰথম কথাছবি সম্পূৰ্ণ কৰি উলিয়ালে৷ মই বI.াই নকওঁ, কিন্তু ক’মেই যে, তেওঁ যদি এই গুৰুতৰ কাৰ্যত হাত নিদিলেহেঁতেন, কমপক্ষে আৰু কুৰি কি ত্ৰিছ বছৰৰ ভিতৰত অসমীয়াৰ দ্বাৰাই এনে কাৰ্য হৈ নুঠিলহেঁতেন...৷’ আত্মীয় পৰিয়ালৰ মাজত তেওঁ হৈছিল এজন অনুপযুক্ত ব্যৱসায়ী৷ সেইবাবেই তেওঁ বাগিচাৰ পৰিচালকৰ দায়িত্ব এৰি দিয়ে৷
জ্যোতিয়ে তামোলবাৰীত কটোৱা সময়ত ডিব্ৰুগড়ৰ গণ নাট্য দলৰ নাটকৰ আখৰাত ৰোগগ্ৰস্ত শৰীৰ লৈ বহু ৰাতিলৈকে উপস্থিত থকাত তেওঁক কোনোৱে জিৰণিৰ কথা কোৱাত কৈছিল, ‘দামী কাপেৰ্টত খোজ কািI.লো, টেমছ্ নদীত নাও খেলিলো, সেইবোৰ ছব মিছা৷ এই মাটিৰ মানুহেই সঁচা৷’
১৯৫০ চনত জ্যোতি যে কেন্সাৰ ৰোগত আক্ৰান্ত সেই কথা ডাক্তৰে ঘোষণা কৰে আৰু উন্নত চিকিৎসাৰ বাবে কলিকতালৈ নিয়া হয়৷ কিন্তু স্বাস্থ্যৰ কোনো
পৰিৱৰ্তন নোহোৱাত তেওঁৰ ইচ্চাতে তেজপুৰৰ ঘৰলৈ লৈ যোৱা হয় আৰু তাতে ১৯৫১ চনৰ ১৭ জানুৱাৰীত এই জনতাৰ শিল্পীগৰাকীৰ মৃত্য়ু হয়৷