ছবিজগতৰ শিল্পীসকলৰ প্ৰেমৰ খবৰে প্ৰায়ে বাতৰিকাকত, আলোচনী সাংস্কৃতিক পৃষ্ঠা গৰম কৰি ৰাখে৷ নতুনকৈ ছবিজগতলৈ আগমন ঘটা শিল্পী এগৰাকী দর্শকক লগত চিনাকি হোৱাৰ পিছতেই তেওঁৰ প্ৰেমৰ খবৰ আহিও দর্শকক কাষ পায়হি৷ এগৰাকী অভিনেতা-অভিনেত্ৰীৰ বলিষ্ঠ অভিনয়ে যিদৰে দর্শকক আকর্ষণ কৰে তেনেদৰে তেওঁলোকৰ প্ৰেমৰ খবৰেও ৰোমাঞ্চিত কৰি তোলে চিনেমাপ্ৰেমী দর্শকক মন৷ আজি কেইগৰাকীমান জনপ্ৰিয় হিন্দী ছবিজগতৰ শিল্পীৰ প্ৰেম কাহিনী চিনেমাপ্ৰেমীসকলৰ বাবে আগবঢ়ালোঁ-
চিৰসেউজ অভিনেতা দেবানন্দ তেতিয়া নৱাগত৷ ‘জিৎ’ নামৰ ছবিখনত তেওঁ তেতিয়াৰ সু-প্ৰতিষ্ঠিত অভিনেত্ৰী সুৰাইয়াৰ বিপৰীতে অভিনয় কৰিছিল৷ সেই ছবিৰ শ্বুটিঙৰ সময়তেই দুয়ো-দুয়োৰে প্ৰেমত পৰে৷ কিন্তু সেই প্ৰেমে স্থায়িত্ব নাপালে৷ সুৰাইয়াই আইতাকৰ অমতৰ বাবে দেবানন্দক ‘না’ ক’বলৈ বাধ্য হয়৷ এনেদৰেই দেবানন্দে তেওঁৰ প্ৰথম প্ৰেমৰ যবনিকা পেলায়৷ তাৰপিছত তেওঁ কল্পনা কার্তিক নামৰ আন এগৰাকী অভিনেত্ৰীৰ প্ৰেমত পৰে আৰু ‘টেক্সী ডাইভাৰ’ নামৰ ছবিখনৰ শ্বুটিঙৰ সময়তেই ছবিৰ কলা-নিদের্শকৰ কোঠাত মনে মনে বিবাপাশত আবদ্ধ হয়৷ কিন্তু এই বিবাহেও দেবানন্দক সুখী কৰিব নোৱাৰিলে৷
হিন্দী ছবিজগতৰ ইতিহাসৰ কেইবাখনো স্মৰণীয় ছবিৰ স্ৰষ্টা গুৰু দত্তই প্ৰেম কৰি বিয়া কৰাইছিল প্ৰতিভাময়ী গায়িকা গীতা দত্তক৷ পিছত গুৰু দত্ত ‘চি আই ডি’ ছবিখনৰ যোগেদি নায়িকা ৱাহিদা ৰহমাণৰ লগত পৰিচয় ঘটে৷ গুৰু দত্ত ৱাহিদাৰ অধিক কাষ চাপে ‘প্যাৰ’ ছবিখনৰ পৰা৷ এনেদৰেই পাঁচবছৰ দু্য়োৰে হিয়া-দিয়া-নিয়া হোৱাৰ পিছত ৱাহিদাই অনুভৱ কৰে যে তেওঁলোকৰ এই প্ৰেমে গুৰু দত্তৰ সাংসাৰিক জীৱনত অশান্তিৰ সৃষ্টি কৰিছে সেইবাবে তেওঁ গুৰু দত্তৰ পৰা আতঁৰি যায়৷ কিন্তু গুৰু দত্তই ৱাহিদাৰ প্ৰতাৰণা সহ্য কৰিব নোৱাৰিলে আৰু মাত্ৰাধিক শ্লিপিং টেবলেট খাই চিৰদিনৰ বাবে নিদ্ৰাৰ কোলাত শুই পৰিল৷ তাৰ কিছুদিনৰ পিছতে পত্নী গীতা দত্তও আত্মহত্যা কৰে৷
প্ৰখ্যাত অভিনেতা-পৰিচালক ৰাজ কাপুৰ আৰু নার্গিচৰ প্ৰথম দেখা-দেখি হয় মেহবুব খানৰ ছবি ‘অন্দাজ’ৰ ছেটত৷ ইয়াৰ পিছতেই দুয়ো প্ৰেমত পৰে৷ কিন্তু বিখ্যাত ‘মাডাৰ ইণ্ডিয়া’ ছবিখনত নার্গিচে ৰাজ কাপুৰৰ সন্মতি অবিহনে অভিনয় কৰাৰ বাবেই দুয়োৰে প্ৰেমত বিচ্ছেদ আহে৷ পিছত নার্গিচ সুনীল দত্তৰ লগত বিবাহপাশত আবদ্ধ হয়৷
নমক হাৰাম’ ছবিখন কৰি থকাৰ সময়তেই মোহময়ী অভিনেত্ৰী ৰেখা আৰু অমিতাভ বচ্চনৰ প্ৰেম আৰম্ভ হয়৷ এই প্ৰেম এটা সময়ত এৰাব নোৱাৰাকৈ গভীৰ হৈছিল৷ কিন্তু ‘কুলি’ ছবিখনৰ শ্বুটিঙৰ সময়ত অমিতাভ বচ্চনৰ এক দুর্ঘটনাৰ হয় আৰু সেইসময়ত কৌশল কৰি ৰেখাক আতঁৰাই ৰাখি জয়া ভাদুৰীয়ে সেই স্থান অধিকাৰ কৰে৷ ৰেখাই অকলশৰেই ব্যর্থ প্ৰেমৰ বোজা বৈ দিন পাৰ কৰে!
আজি-কালিৰ হিন্দী ছবিজগতৰ শিল্পীৰ প্ৰেমে পূর্বেৰ কাহিনীৰ দৰে দর্শকক ৰোমাঞ্চকৰ অনুভৱ দিব নোৱাৰে বাবেই আমি এই চুটি লেখাত তেওঁলোকৰ কাহিনী লেখাৰ পৰা বিৰত থাকিলোঁ৷
EmoticonEmoticon