সফল কেৰিয়াৰ গঢ়িবৰ বাবে প্ৰয়োজনীয়
কেইটামান গুৰুত্বপূর্ণ কথা
প্ৰত্যেকৰে জীৱনলৈ
কেৰিয়াৰ নিৰ্বাচনৰ এটা সময় আহেই৷কিন্তু নিজৰ বাবে এক সঠিক কেৰিয়াৰ গঢ়ি তুলিবলৈ হ’লে
এক প্ৰাথমিক জ্ঞানৰ প্ৰয়োজন হয়৷ নহ’লে আপুনি এবাৰ ভাৱিব যে শর্মা খুৰাৰ ছোৱালীজনীৰ
দৰে চিকিৎসক হ’ম নাইবা বৰদেউতাৰ ছোৱালী মিলিবাৰ দৰে আই আই টিত পঢ়ি বিদেশত চাকৰি কৰি
বহু টকা উপার্জন কৰিম৷
নিজকে মূল্যাংকন কৰা: সকলোতকৈ আগতে লক্ষ্য কৰিবলগীয়া কথাটো হ’ল
এটা সঠিক কেৰিয়াৰ নির্বাচন কৰিবলৈ হ’লে আগতে নিজৰ ৰুচি, ব্যক্তিত্ব, প্ৰতিভা আদিৰ বিষয়ে
জানি ল’ব লাগে৷ তেতিয়াহে আপুনি নিজৰ বাবে নির্বাচন কৰা কেৰিয়াৰটো আপোনাৰ বাবে উপযুক্ত
হৈছে নে নাই গম পাব৷
লক্ষ্য স্থিৰ কৰা: আপুনি কেৰিয়াৰ পৰা কি বিচাৰা সেইটোহে বেছি
গুৰুত্বপূর্ণ কথা৷ইয়াৰ আগতে প্ৰথমে আপুনি নিজকে প্ৰশ্ন কৰিব যে পাঁচবছৰৰ পিছত আপুনি
নিজকে কেনে স্থানত পৰিকল্পনা কৰে৷
ইয়াৰ পিছতেই আপোনাৰ
লক্ষ্য স্পষ্ট হৈ পৰিব আৰু সঠিক পথত আগবাঢ়িবলৈও প্ৰেৰণা পাব৷ তাৰবাবে সময়ে সময়ে নিজৰ
প্ৰতিভা পৰীক্ষা কৰি থাকিব লাগিব আৰু প্ৰয়োজন অনুসৰি নিজৰ আঁচনিৰ সাল-সলনিও কৰিবলগীয়া
হ’ব পাৰে৷
লক্ষ্যৰ প্ৰতি সচেতনতা: লক্ষ্য প্ৰাপ্তিৰ বাবে অপুনি যদি কিবা দুর্বলতা
অনুভৱ কৰিছে তেনেহ’লে কেৰিয়াৰ পৰামর্শদাতা, কেৰিয়াৰ সর্ম্পকীয় আলোচনাচক্ৰত অংশ গ্ৰহণ
কৰিব লাগে৷ কাকত-আলোচনী, ইণ্টাৰনেট আদিত এই বিষয়ৰ পঢ়া-শুনা কৰাৰ লগতে বিজ্ঞজনৰ পৰা
দিহা-পৰামর্শও ল’ব লাগে৷
লক্ষ্যৰ কাৰণে কাম কৰা: লক্ষ্য তৈয়াৰ কৰাটো ডাঙৰ কথা নহয়, ডাঙৰ
কথা হৈছে লক্ষ্য প্ৰাপ্তিৰ বাবে আঁচনি
ঠিক কৰাটো৷ এটা কথা মনত ৰাখিব যে নিজৰ লক্ষ্যত উপনীত হোৱাৰ আঁচনি নিজেই ঠিক কৰিব লাগিব
ইয়াৰ বাবে আন কোনেও আপোনাক সহায় কৰিব নোৱাৰে৷যদি কোনোৱে আপোনাক সেইকামত সহায় কৰি দিয়েও
তথাপি কামটোত নিজেই আগবাঢ়িব লাগিব৷ সেইবাবে এটা কথা মনত ৰাখিব যে সকলোৰে পৰামর্শ ল’ব
পাৰে কিন্তু গ্ৰহণ কৰিব নিজৰ ৰুচি আৰু পছন্দ অনুসৰিহে৷
প্ৰয়োজন অনুসৰি সলনি কৰা: এটা কেৰিয়াৰ ঠিক কৰাৰ পাছতো নতুন সুযোগৰ
খবৰ ৰাখি থাকিব লাগে, যাতে আপোনাৰ বাবে উপযুক্ত অন্য কোনো ভাল সুযোগ হেৰাই যাব নোৱাৰে৷
নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যাব, হতাশ নহ’ব
এনে কোনো কথা নাই যে আপুনি বিচৰা লক্ষ্যত প্ৰথমবাৰেতেই আপুনি সফল হ’ব লাগিব৷
EmoticonEmoticon