ইউপিএ আৰু কংগ্ৰেছে অলপতে দাবী তুলিছিল যে মনমোহন সিং চৰকাৰৰ কাৰ্যকালতো ছবাৰকৈ ছাৰ্জিকেল ষ্টাইল হৈছিল, কিন্তু এই কথাৰ উত্তৰ সেনাই কি দিলে
সেনাৰ ওচৰত ২৯ ছেপ্তেম্বৰ’২০১৬ৰ আগতে নিয়ন্ত্ৰণ ৰেখা(LOC)ৰ ওচৰত সেনাৰ দ্বাৰা ‘ছাৰ্জিকেল ষ্টাইক’ কৰাৰ কোনো তথ্য নাই৷ সেনাই ২০১৬চনৰ ২৯ ছেপ্তেম্বৰতহে পাকিস্থানৰ অধীনত থকা কাশ্মীৰ(POK)ত এনেধৰণৰ ষ্টাইক কৰিছিল৷ সেনা পৰিচালনা মহানিৰ্দেশালয়(DGMO)ৰ পৰা আৰ,টী,আই যোগেদি জানিব বিচৰা হৈছিল ইউপিএ আৰু কংগ্ৰেছে অলপতে যি দাবী তুলিছিল যে মনমোহন সিং চৰকাৰৰ কাৰ্যকালতো ছবাৰকৈ ছাৰ্জিকেল ষ্টাইল হৈছিল তাৰ তথ্য৷
MOD (সেনা)ৰ লেফ্টেনল কৰ্ণেল এডিএছ জছৰোটিয়াই কয় যে ‘২৯ ছেপ্তেম্বৰ’২০১৬ৰ আগতে নিয়ন্ত্ৰণ ৰেখা(LOC)ৰ ওচৰত সেনাৰ দ্বাৰা ‘ছাৰ্জিকেল ষ্টাইক’ কৰাৰ কোনো তথ্য নাই৷’ জম্মুৰ আৰটীআইৰ কৰ্মকৰ্তা ৰোহিত চৌধুৰীৰ প্ৰশ্নৰ উত্তৰত এই কথা জনায়৷
চৌধুৰীয়ে ‘আৰটীআই’ত ২০০৪ চনৰ পৰা ২০১৪চনৰ ভিতৰত হোৱা ছাৰ্জিকেল ষ্টাইকৰ সংখ্যা বিচাৰিছিল৷তেওঁ এই তথ্যও জানিব বিচাৰিছিল যে ইয়াৰ ভিতৰত কেইটা ষ্টাইক সফল হৈছিল৷ ডী.জী.এম.অ’ত আই.এচ.কিউ’ৰ অধিকাৰী গৰাকীয়ে জানিবলৈ দিয়ে যে ‘ভাৰতীয় সেনাই ২০১৬ চনৰ ২৯ ছেপ্তেম্বৰত এলঅ’চিত ছাৰ্জিকেল ষ্টাইক কৰিছিল৷এই ষ্টাইকত কোনো ভাৰতীয় সৈনিকৰ মৃত্যু হোৱা নাছিল৷’
কংগ্ৰেছ নেতা ৰাজীৱ শুক্লাই যোৱা সপ্তাহত এআইছিছিৰ সংবাদদাতাৰ আগত কৈছিল যে মনমোহন সিং চৰকাৰৰ কাৰ্যকালত ছবাৰকৈ ছাৰ্জিকেল ষ্টাইক কৰা হৈছিল৷বিজেপিয়ে এই কথাৰ বিৰোধ কৰি কৈছিল যে ‘কংগ্ৰেছৰ মিছা কথা কোৱাটো তেওঁলোকৰ স্বভাৱ’৷
EmoticonEmoticon