জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ
নাগৰিকতাক লৈ যি বিবাদৰ সুত্ৰপাত হৈছিল তাত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজ্জুৰ ভূমিকাক
অক্ষয় কুমাৰে ধন্যবাদ জনাছে৷ প্ৰধানমন্ত্ৰী
নৰেন্দ্ৰ মোদীৰ লগত হোৱা ‘অৰাজনৈতিক’ সাক্ষাৎকাৰৰ পিছত ২৯ এপ্ৰিলত মুম্বাইত হোৱা নিৰ্বাচনত
ভোটদান নকৰাৰ পিছত তেওঁৰ নাগৰিকতাক লৈ বাৰুকৈয়ে চৰ্চা
হৈছিল৷অভিনেতা গৰাকীয়ে ৩ মে’ত
টুইটাৰত লিখিছিল যে তেওঁ কেতিয়াও লুকুৱাব বিচৰা নাই যে তেওঁৰ ওচৰত কানাডাৰ পাছপৰ্ট
আছে৷ সেইকথাৰ সমৰ্থন কৰি ৰিজ্জুৱে লিখিছিল যে তেওঁৰ দেশভক্তি কোনোধৰণৰ সন্দেহৰ পৰা দূৰত
আছে৷ মন্ত্ৰীগৰাকীয়ে অভিনেতাগৰাকীৰ
‘ভাৰতৰ বীৰ’ অভিযানৰ যোগেদি ধন সংগ্ৰহৰ বাবেও প্ৰশংসা কৰে৷ এই ধন ৰাশিৰ পৰা সন্ত্ৰাসবাদীৰ
হাতত মৃত্যু হোৱা বীৰ সৈনিকসকলৰ পৰিয়ালৰ কল্যাণৰ বাবে দিব পৰা যাব৷
EmoticonEmoticon