Friday, October 11, 2019

এতিয়া পৰা আৰু নাপাব জিঅ'ৰ ফি কলিং, জানক নতুন টপ আপ প্লেনৰ বিষয়ে

jio new plan details/ uniqueenter.in

ৰিলায়েঞ্চ জিঅ' নেটৱৰ্কৰ পৰা অন্যকোনো নেটৱৰ্কলৈ ফোন কৰিবলৈ হ'লে এতিয়াৰে পৰা জিঅ' উপভোক্তাই প্ৰতি মিনিটত ৬ পইচাকৈ ভৰিব লাগিব। অৱশ্যে দাতা প্লেন আৰু অন্যান্য সুবিধা বিলাকৰ ক্ষেত্ৰত জিঅ'ই এতিয়ালৈকে কোনো সাল-সলনি কৰা নাই। কিন্তু যদিহে আপুনি জিঅ' নম্বৰৰ সলনি অন্যকোনো নেটৱৰ্কৰ নম্বৰলৈ ফোন কৰে তেতিয়া হ'লে বেলেগকৈ টপআপ ৱাওচাৰৰ ৰিচাৰ্জ কৰিব লাগিব। জিঅ' ইতিমধ্যে তাৰ বাবে কিছুমান প্লেনৰ ঘোষণা কৰিছে। যিবিলাক ১০ টকাৰ পৰা ১০০ টকালৈকে আছে।
এইখিনিতে আপোনাক জনাই থওঁ যে জিঅ' এই সিদ্ধান্ত ট্ৰাইৰ নিয়মৰ বাবে ল'ব লগা হৈছে। কাৰণ এতিয়াৰ পৰা জিঅ'ই প্ৰতিটো কলৰ বিপৰীতে অন্য নেটৱৰ্ক কোম্পানীক এই পইচা আদায় দিব লাগিব। গতিকে আপোনাৰ সুবিধা অনুসৰি টপআপ ৰিচাৰ্জ কৰিব। অৱশ্যে আপুনি প্ৰতিটো টপঅাপ ৰিচাৰ্জৰ লগত লাভ কৰিব অতিৰিক্ত ডাটা । আটাইতকৈ কম মূল্যৰ ৰিচাৰ্জ হ'ল ১০ টকাৰ। তাত আপুনি ১২৪ মিনিট অন্য নেটৱৰ্কলৈ ফোন কৰাৰ লগতে পাব ১জিবি  ৪ জি ডাটা। সেইদৰে ২০ টকাৰ ৰিচাৰ্জত পাব ২৪৯ মিনিটৰ কল আৰু ২ জিবি ৪ জি ডাটা, ৫০ টকাত ৬৫৬ মিনিট আৰু অতিৰিক্ত ৫ জিবি ৪ জি ডাটা আৰু ১০০ৰ ৰিচাৰ্জত ১৩৬২ মিনিট কল কৰাৰ সুবিধাৰ লগতে ১০ জিবি ৪ জি ডাটাৰ অতিৰিক্ত ডাটা। সুবিধাৰ অন্য এটা কথা হ'ল ইয়াৰ লগত কোনো বেলিডিটীৰ কথা নাই ৰিচাৰ্জৰ মিনিট শেষ নোহোৱালৈকে অন্য নেটৱৰ্কলৈ ফোন কৰি থাকিব পাৰিব। ৰিচাৰ্জৰ এই মূল্যৰ লগত জি,এচ,টি, অন্তৰ্ভুক্ত। 


EmoticonEmoticon