চিনাকি কৰি দিয়াৰ প্ৰয়োজন নিশ্চয় নাই। চিনেমাৰ গতানুগতিক নায়ক চেহেৰাৰ বিপৰীতে যিসকল শিল্পীয়ে নিজৰ প্ৰতিভাৰে জিলিকি আছে তাৰ মাজৰে এটা নাম বাহাৰুল ইছলাম। আমি প্ৰায়ে নৱাজুদ্দিন ছিদ্দিকী বা আমাৰ অসমৰ আশ্ৰাফুল হকৰ (দুৰ্ভাগ্যজনক ভাৱে তেওঁ অকালতে আঁতৰি গ'ল) অভিনয় দেখিলে বাহাৰুলদাৰ কথা মনলৈ আহে। আমাৰ ব্যক্তিগত অনুভৱ যে মুম্বাইত যদি তেওঁ স্থায়ীভাৱে থাকিলে হেঁতেন নিশ্চয় আদিল হুচেইনৰ দৰে হিন্দী ছবিজগতত তেওঁ ইতিমধ্যে এক সুকীয়া স্থানৰ অধিকাৰী হ'ল হয়।
বাহাৰুল ইছলামে অষ্টম শ্ৰেণীত পঢ়ি থাকোতেই ১৯৭৮-৭৯ চনত জু-ৰোডৰ সাৰ্বজনীন দূৰ্গা পূজা মণ্ডপত ক্ষীৰোদ চৌধুৰীৰ দ্বাৰা পৰিচালিত 'পানীমলাৰ বিয়া' নাটকেৰে অভিনয় জীৱনৰ পাতনি মেলে।
১৯৮৭ চনত তেওঁ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ হয়, আৰু ১৯৯০ চনত অভিনয়ৰ স্নাতক ডিগ্ৰী লাভ কৰে।
১৯৮৫ চনত পুলক গগৈৰ 'সুৰুয' ছবিৰে অসমীয়া ছবিজগতত ভৰি দিয়া বাহাৰুল ইছলামে পিছলৈ নিজা পৰিচালনাৰে ২০০৯ চনত 'আছেনে কোনাবা হিয়াত' আৰু ২০১৪ চনত 'ৰ'দৰ চিঠি' উপহাৰ দিয়ে। 'ৰ'দৰ চিঠি'ৰ ছবিখনে কানাডা আন্তঃৰাষ্ট্ৰীয় চিনেমা মহোৎসৱত শ্ৰেষ্ঠ বিদেশী ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
চিগাল থিয়েটাৰৰ যোগেদি অসমীয়া থিয়েটাৰলৈ নিজৰ অভিনৱ মৌলিক অৱদান আগবঢ়াই অহা বাহাৰুল ইছলামে এইবাৰ নিজা পৰিচালনাৰে আমাক উপহাৰ দিব 'দ্য ছেভেন্থ ষ্ট্ৰীং' ছবি নামৰ ছবিখন। নিজে সংগীত পৰিচালনাও কৰা এই ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰত আছে তেওঁৰ কণ্যা বৰ্ষা বাহাৰ। কিশোৰীৰ এক প্ৰেম কাহিনীৰে নিৰ্মিত ছবিখনৰ মুক্তি হোৱা শুভক্ষণলৈ আমি আগ্ৰহেৰে বাট চাই ৰ'লো।