Showing posts with label Career. Show all posts

Monday, February 4, 2019

Career tips in Assamese

Career tips in Assamese

সফল কেৰিয়াৰ গঢ়িবৰ বাবে প্ৰয়োজনীয় কেইটামান গুৰুত্বপূর্ণ কথা
প্ৰত্যেকৰে জীৱনলৈ কেৰিয়াৰ নিৰ্বাচনৰ এটা সময় আহেই৷কিন্তু নিজৰ বাবে এক সঠিক কেৰিয়াৰ গঢ়ি তুলিবলৈ হ’লে এক প্ৰাথমিক জ্ঞানৰ প্ৰয়োজন হয়৷ নহ’লে আপুনি এবাৰ ভাৱিব যে শর্মা খুৰাৰ ছোৱালীজনীৰ দৰে চিকিৎসক হ’ম নাইবা বৰদেউতাৰ ছোৱালী মিলিবাৰ দৰে আই আই টিত পঢ়ি বিদেশত চাকৰি কৰি বহু টকা উপার্জন কৰিম৷
আজি-কালি কিছুমান মাক-দেউতাকে আকৌ তেওঁলোকৰ পছন্দৰ কেৰিয়াৰ এটাকে নিজৰ সন্তানক নির্বাচন কৰিবলৈ হেচাঁ প্ৰয়োগ কৰে৷ তেনে অভিভাৱকসকলৰ প্ৰতি আমাৰ এটাই অনুৰোধ যে তেওঁলোকৰ সন্তানকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি সন্তানৰ পছন্দৰ মতেই কেৰিয়াৰ নির্বাচন কৰিবলৈ প্ৰেৰণা যোগাব লাগে৷ আজি-কালি এনে এক জটিল পৰিবেশত আমি জীৱন-নির্বাহ কৰিব লগা হৈছে যে উঠি অহা ল’ৰা-ছোৱালী বিপথে বাট বুলিবলৈকো কুন্ঠাবোধ নকৰে৷ কিন্তু ইমান হতাশ হ’বলগীয়া কথাও নহয়, কাৰণ এনে নহয় যে ইয়াৰ কোনো পথ নাই৷ আজি আমি এই লেখাত আগবঢ়োৱা মাত্ৰ পাঁচটা প্ৰয়োজনীয় কথা অনুসৰণ কৰিলেই আপোনাৰ বাবে এক উপযুক্ত কেৰিয়াৰ নির্বাচন কৰিব পাৰিবা৷
নিজকে মূল্যাংকন কৰা: সকলোতকৈ আগতে লক্ষ্য কৰিবলগীয়া কথাটো হ’ল এটা সঠিক কেৰিয়াৰ নির্বাচন কৰিবলৈ হ’লে আগতে নিজৰ ৰুচি, ব্যক্তিত্ব, প্ৰতিভা আদিৰ বিষয়ে জানি ল’ব লাগে৷ তেতিয়াহে আপুনি নিজৰ বাবে নির্বাচন কৰা কেৰিয়াৰটো আপোনাৰ বাবে উপযুক্ত হৈছে নে নাই গম পাব৷
লক্ষ্য স্থিৰ কৰা: আপুনি কেৰিয়াৰ পৰা কি বিচাৰা সেইটোহে বেছি গুৰুত্বপূর্ণ কথা৷ইয়াৰ আগতে প্ৰথমে আপুনি নিজকে প্ৰশ্ন কৰিব যে পাঁচবছৰৰ পিছত আপুনি নিজকে কেনে স্থানত পৰিকল্পনা কৰে৷
ইয়াৰ পিছতেই আপোনাৰ লক্ষ্য স্পষ্ট হৈ পৰিব আৰু সঠিক পথত আগবাঢ়িবলৈও প্ৰেৰণা পাব৷ তাৰবাবে সময়ে সময়ে নিজৰ প্ৰতিভা পৰীক্ষা কৰি থাকিব লাগিব আৰু প্ৰয়োজন অনুসৰি নিজৰ আঁচনিৰ সাল-সলনিও কৰিবলগীয়া হ’ব পাৰে৷
লক্ষ্যৰ প্ৰতি সচেতনতা: লক্ষ্য প্ৰাপ্তিৰ বাবে অপুনি যদি কিবা দুর্বলতা অনুভৱ কৰিছে তেনেহ’লে কেৰিয়াৰ পৰামর্শদাতা, কেৰিয়াৰ সর্ম্পকীয় আলোচনাচক্ৰত অংশ গ্ৰহণ কৰিব লাগে৷ কাকত-আলোচনী, ইণ্টাৰনেট আদিত এই বিষয়ৰ পঢ়া-শুনা কৰাৰ লগতে বিজ্ঞজনৰ পৰা দিহা-পৰামর্শও ল’ব লাগে৷
লক্ষ্যৰ কাৰণে কাম কৰা: লক্ষ্য তৈয়াৰ কৰাটো ডাঙৰ কথা নহয়, ডাঙৰ কথা হৈছে লক্ষ্য প্ৰাপ্তিৰ বাবে আঁচনি ঠিক কৰাটো৷ এটা কথা মনত ৰাখিব যে নিজৰ লক্ষ্যত উপনীত হোৱাৰ আঁচনি নিজেই ঠিক কৰিব লাগিব ইয়াৰ বাবে আন কোনেও আপোনাক সহায় কৰিব নোৱাৰে৷যদি কোনোৱে আপোনাক সেইকামত সহায় কৰি দিয়েও তথাপি কামটোত নিজেই আগবাঢ়িব লাগিব৷ সেইবাবে এটা কথা মনত ৰাখিব যে সকলোৰে পৰামর্শ ল’ব পাৰে কিন্তু গ্ৰহণ কৰিব নিজৰ ৰুচি আৰু পছন্দ অনুসৰিহে৷
প্ৰয়োজন অনুসৰি সলনি কৰা: এটা কেৰিয়াৰ ঠিক কৰাৰ পাছতো নতুন সুযোগৰ খবৰ ৰাখি থাকিব লাগে, যাতে আপোনাৰ বাবে উপযুক্ত অন্য কোনো ভাল সুযোগ হেৰাই যাব নোৱাৰে৷ নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যাব, হতাশ নহ’ব এনে কোনো কথা নাই যে আপুনি বিচৰা লক্ষ্যত প্ৰথমবাৰেতেই আপুনি সফল হ’ব লাগিব৷    

Read More