Showing posts with label Assamese. Show all posts

Friday, October 11, 2019

এতিয়া পৰা আৰু নাপাব জিঅ'ৰ ফি কলিং, জানক নতুন টপ আপ প্লেনৰ বিষয়ে

jio new plan details/ uniqueenter.in

ৰিলায়েঞ্চ জিঅ' নেটৱৰ্কৰ পৰা অন্যকোনো নেটৱৰ্কলৈ ফোন কৰিবলৈ হ'লে এতিয়াৰে পৰা জিঅ' উপভোক্তাই প্ৰতি মিনিটত ৬ পইচাকৈ ভৰিব লাগিব। অৱশ্যে দাতা প্লেন আৰু অন্যান্য সুবিধা বিলাকৰ ক্ষেত্ৰত জিঅ'ই এতিয়ালৈকে কোনো সাল-সলনি কৰা নাই। কিন্তু যদিহে আপুনি জিঅ' নম্বৰৰ সলনি অন্যকোনো নেটৱৰ্কৰ নম্বৰলৈ ফোন কৰে তেতিয়া হ'লে বেলেগকৈ টপআপ ৱাওচাৰৰ ৰিচাৰ্জ কৰিব লাগিব। জিঅ' ইতিমধ্যে তাৰ বাবে কিছুমান প্লেনৰ ঘোষণা কৰিছে। যিবিলাক ১০ টকাৰ পৰা ১০০ টকালৈকে আছে।
এইখিনিতে আপোনাক জনাই থওঁ যে জিঅ' এই সিদ্ধান্ত ট্ৰাইৰ নিয়মৰ বাবে ল'ব লগা হৈছে। কাৰণ এতিয়াৰ পৰা জিঅ'ই প্ৰতিটো কলৰ বিপৰীতে অন্য নেটৱৰ্ক কোম্পানীক এই পইচা আদায় দিব লাগিব। গতিকে আপোনাৰ সুবিধা অনুসৰি টপআপ ৰিচাৰ্জ কৰিব। অৱশ্যে আপুনি প্ৰতিটো টপঅাপ ৰিচাৰ্জৰ লগত লাভ কৰিব অতিৰিক্ত ডাটা । আটাইতকৈ কম মূল্যৰ ৰিচাৰ্জ হ'ল ১০ টকাৰ। তাত আপুনি ১২৪ মিনিট অন্য নেটৱৰ্কলৈ ফোন কৰাৰ লগতে পাব ১জিবি  ৪ জি ডাটা। সেইদৰে ২০ টকাৰ ৰিচাৰ্জত পাব ২৪৯ মিনিটৰ কল আৰু ২ জিবি ৪ জি ডাটা, ৫০ টকাত ৬৫৬ মিনিট আৰু অতিৰিক্ত ৫ জিবি ৪ জি ডাটা আৰু ১০০ৰ ৰিচাৰ্জত ১৩৬২ মিনিট কল কৰাৰ সুবিধাৰ লগতে ১০ জিবি ৪ জি ডাটাৰ অতিৰিক্ত ডাটা। সুবিধাৰ অন্য এটা কথা হ'ল ইয়াৰ লগত কোনো বেলিডিটীৰ কথা নাই ৰিচাৰ্জৰ মিনিট শেষ নোহোৱালৈকে অন্য নেটৱৰ্কলৈ ফোন কৰি থাকিব পাৰিব। ৰিচাৰ্জৰ এই মূল্যৰ লগত জি,এচ,টি, অন্তৰ্ভুক্ত। 
Read More

Monday, February 4, 2019

Career tips in Assamese

Career tips in Assamese

সফল কেৰিয়াৰ গঢ়িবৰ বাবে প্ৰয়োজনীয় কেইটামান গুৰুত্বপূর্ণ কথা
প্ৰত্যেকৰে জীৱনলৈ কেৰিয়াৰ নিৰ্বাচনৰ এটা সময় আহেই৷কিন্তু নিজৰ বাবে এক সঠিক কেৰিয়াৰ গঢ়ি তুলিবলৈ হ’লে এক প্ৰাথমিক জ্ঞানৰ প্ৰয়োজন হয়৷ নহ’লে আপুনি এবাৰ ভাৱিব যে শর্মা খুৰাৰ ছোৱালীজনীৰ দৰে চিকিৎসক হ’ম নাইবা বৰদেউতাৰ ছোৱালী মিলিবাৰ দৰে আই আই টিত পঢ়ি বিদেশত চাকৰি কৰি বহু টকা উপার্জন কৰিম৷
আজি-কালি কিছুমান মাক-দেউতাকে আকৌ তেওঁলোকৰ পছন্দৰ কেৰিয়াৰ এটাকে নিজৰ সন্তানক নির্বাচন কৰিবলৈ হেচাঁ প্ৰয়োগ কৰে৷ তেনে অভিভাৱকসকলৰ প্ৰতি আমাৰ এটাই অনুৰোধ যে তেওঁলোকৰ সন্তানকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি সন্তানৰ পছন্দৰ মতেই কেৰিয়াৰ নির্বাচন কৰিবলৈ প্ৰেৰণা যোগাব লাগে৷ আজি-কালি এনে এক জটিল পৰিবেশত আমি জীৱন-নির্বাহ কৰিব লগা হৈছে যে উঠি অহা ল’ৰা-ছোৱালী বিপথে বাট বুলিবলৈকো কুন্ঠাবোধ নকৰে৷ কিন্তু ইমান হতাশ হ’বলগীয়া কথাও নহয়, কাৰণ এনে নহয় যে ইয়াৰ কোনো পথ নাই৷ আজি আমি এই লেখাত আগবঢ়োৱা মাত্ৰ পাঁচটা প্ৰয়োজনীয় কথা অনুসৰণ কৰিলেই আপোনাৰ বাবে এক উপযুক্ত কেৰিয়াৰ নির্বাচন কৰিব পাৰিবা৷
নিজকে মূল্যাংকন কৰা: সকলোতকৈ আগতে লক্ষ্য কৰিবলগীয়া কথাটো হ’ল এটা সঠিক কেৰিয়াৰ নির্বাচন কৰিবলৈ হ’লে আগতে নিজৰ ৰুচি, ব্যক্তিত্ব, প্ৰতিভা আদিৰ বিষয়ে জানি ল’ব লাগে৷ তেতিয়াহে আপুনি নিজৰ বাবে নির্বাচন কৰা কেৰিয়াৰটো আপোনাৰ বাবে উপযুক্ত হৈছে নে নাই গম পাব৷
লক্ষ্য স্থিৰ কৰা: আপুনি কেৰিয়াৰ পৰা কি বিচাৰা সেইটোহে বেছি গুৰুত্বপূর্ণ কথা৷ইয়াৰ আগতে প্ৰথমে আপুনি নিজকে প্ৰশ্ন কৰিব যে পাঁচবছৰৰ পিছত আপুনি নিজকে কেনে স্থানত পৰিকল্পনা কৰে৷
ইয়াৰ পিছতেই আপোনাৰ লক্ষ্য স্পষ্ট হৈ পৰিব আৰু সঠিক পথত আগবাঢ়িবলৈও প্ৰেৰণা পাব৷ তাৰবাবে সময়ে সময়ে নিজৰ প্ৰতিভা পৰীক্ষা কৰি থাকিব লাগিব আৰু প্ৰয়োজন অনুসৰি নিজৰ আঁচনিৰ সাল-সলনিও কৰিবলগীয়া হ’ব পাৰে৷
লক্ষ্যৰ প্ৰতি সচেতনতা: লক্ষ্য প্ৰাপ্তিৰ বাবে অপুনি যদি কিবা দুর্বলতা অনুভৱ কৰিছে তেনেহ’লে কেৰিয়াৰ পৰামর্শদাতা, কেৰিয়াৰ সর্ম্পকীয় আলোচনাচক্ৰত অংশ গ্ৰহণ কৰিব লাগে৷ কাকত-আলোচনী, ইণ্টাৰনেট আদিত এই বিষয়ৰ পঢ়া-শুনা কৰাৰ লগতে বিজ্ঞজনৰ পৰা দিহা-পৰামর্শও ল’ব লাগে৷
লক্ষ্যৰ কাৰণে কাম কৰা: লক্ষ্য তৈয়াৰ কৰাটো ডাঙৰ কথা নহয়, ডাঙৰ কথা হৈছে লক্ষ্য প্ৰাপ্তিৰ বাবে আঁচনি ঠিক কৰাটো৷ এটা কথা মনত ৰাখিব যে নিজৰ লক্ষ্যত উপনীত হোৱাৰ আঁচনি নিজেই ঠিক কৰিব লাগিব ইয়াৰ বাবে আন কোনেও আপোনাক সহায় কৰিব নোৱাৰে৷যদি কোনোৱে আপোনাক সেইকামত সহায় কৰি দিয়েও তথাপি কামটোত নিজেই আগবাঢ়িব লাগিব৷ সেইবাবে এটা কথা মনত ৰাখিব যে সকলোৰে পৰামর্শ ল’ব পাৰে কিন্তু গ্ৰহণ কৰিব নিজৰ ৰুচি আৰু পছন্দ অনুসৰিহে৷
প্ৰয়োজন অনুসৰি সলনি কৰা: এটা কেৰিয়াৰ ঠিক কৰাৰ পাছতো নতুন সুযোগৰ খবৰ ৰাখি থাকিব লাগে, যাতে আপোনাৰ বাবে উপযুক্ত অন্য কোনো ভাল সুযোগ হেৰাই যাব নোৱাৰে৷ নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যাব, হতাশ নহ’ব এনে কোনো কথা নাই যে আপুনি বিচৰা লক্ষ্যত প্ৰথমবাৰেতেই আপুনি সফল হ’ব লাগিব৷    

Saturday, February 2, 2019

এইগৰাকী 26 বছৰীয়া দক্ষিণ কোৰিয়াৰ সুন্দৰী অভিনেত্ৰী, গায়িকাৰ বিষয়ে কিছুকথা

কিম হয়ুন- আহ এগৰাকী চেউল, দক্ষিণ কোৰিয়াৰ সুন্দৰী ৷ তেওঁৰ জন্ম হয় 6 জুন 1992 চনত ৷ তেওঁ এগৰাকী একেধাৰে গায়িকা, নর্তকী, গীতিকাৰ, ৰেপ্পাৰ, টেলিভিচন আৰু ফিল্ম অভিনেত্ৰী ৷
তেওঁ হয়ুনা বুলিয়েই জনপ্ৰিয় ৷ মাত্ৰ 14 বছৰ বয়সতে 2006 চনত তেওঁ ৱংডাৰ গর্লছৰ দ্বিতীয় সদস্য হৈছিল ৷ এইটো এটা ছোৱালীৰ গোট আছিল যি বিখ্যাত জে ৱাই পি ইন্টাৰটেইনমেণ্টতে পৰিচালনা কৰিছিল ৷
2007 চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ মিনি এলবাম ‘দ্য ৱংডাৰ বিগিনছ’ত কাম কৰাৰ সুযোগ লাভ কৰে ৷ 2008 চনত হয়ুনাই কাব ইন্টাৰটেইনমেণ্টত ভর্ত্তি হয় ৷ তাত তেওঁ গার্ল গ্ৰ’প 4মিনিটৰ যোগেদি কামৰ আৰম্ভণি কৰে ৷ 15 জুন, 2009 চনত তেওঁলোকৰ গ্ৰ’পটোৱে তেওঁৰ একক ভাৱে ‘হট ইছুচ’ ঘোষনা কৰে ৷
2011 চনত হুয়ুনাই তেওঁৰ প্ৰথম প্লে ‘ববল পপ’ মুক্তি দিয়ে ৷ ইপি য়ে ইয়াৰ বিক্ৰীৰ দায়িত্ব লৈছিল আৰু 2.5 মিলিয়নৰো অধিক কপি ইয়াৰ বিক্ৰী কৰে আৰু ইউটিউবট এটা ভিডিঅ’তে 100 মিলিয়ন ভিউজ পোৱা একমাত্ৰ কে-পপ মহিলা শিল্পীও হয় ৷ 2012 চনত তেওঁ বিশ্বখ্যাতি লাভ কৰে ‘গেংগনাম ষ্টাইল’ৰ যোদেদি ৷ হয়ুনা এতিয়াও থমকি ৰোৱা নাই ৷

Tuesday, January 29, 2019

হিন্দী ছবিজগতৰ শিল্পীৰ ৰোমাঞ্চকৰ প্ৰেম কাহিনী

ছবিজগতৰ শিল্পীসকলৰ প্ৰেমৰ খবৰে প্ৰায়ে বাতৰিকাকত, আলোচনী সাংস্কৃতিক পৃষ্ঠা গৰম কৰি ৰাখে৷ নতুনকৈ ছবিজগতলৈ আগমন ঘটা শিল্পী এগৰাকী দর্শকক লগত চিনাকি হোৱাৰ পিছতেই তেওঁৰ প্ৰেমৰ খবৰ আহিও দর্শকক কাষ পায়হি৷ এগৰাকী অভিনেতা-অভিনেত্ৰীৰ বলিষ্ঠ অভিনয়ে যিদৰে দর্শকক আকর্ষণ কৰে তেনেদৰে তেওঁলোকৰ প্ৰেমৰ খবৰেও ৰোমাঞ্চিত কৰি তোলে চিনেমাপ্ৰেমী দর্শকক মন৷ আজি কেইগৰাকীমান জনপ্ৰিয় হিন্দী ছবিজগতৰ শিল্পীৰ প্ৰেম কাহিনী চিনেমাপ্ৰেমীসকলৰ বাবে আগবঢ়ালোঁ-
চিৰসেউজ অভিনেতা দেবানন্দ তেতিয়া নৱাগত৷ ‘জিৎ’ নামৰ ছবিখনত তেওঁ তেতিয়াৰ সু-প্ৰতিষ্ঠিত অভিনেত্ৰী সুৰাইয়াৰ বিপৰীতে অভিনয় কৰিছিল৷ সেই ছবিৰ শ্বুটিঙৰ সময়তেই দুয়ো-দুয়োৰে প্ৰেমত পৰে৷ কিন্তু সেই প্ৰেমে স্থায়িত্ব নাপালে৷ সুৰাইয়াই আইতাকৰ অমতৰ বাবে দেবানন্দক ‘না’ ক’বলৈ বাধ্য হয়৷ এনেদৰেই দেবানন্দে তেওঁৰ প্ৰথম প্ৰেমৰ যবনিকা পেলায়৷ তাৰপিছত তেওঁ কল্পনা কার্তিক নামৰ আন এগৰাকী অভিনেত্ৰীৰ প্ৰেমত পৰে আৰু ‘টেক্সী ডাইভাৰ’ নামৰ ছবিখনৰ শ্বুটিঙৰ সময়তেই ছবিৰ কলা-নিদের্শকৰ কোঠাত মনে মনে বিবাপাশত আবদ্ধ হয়৷ কিন্তু এই বিবাহেও দেবানন্দক সুখী কৰিব নোৱাৰিলে৷
হিন্দী ছবিজগতৰ ইতিহাসৰ কেইবাখনো স্মৰণীয় ছবিৰ স্ৰষ্টা গুৰু দত্তই প্ৰেম কৰি বিয়া কৰাইছিল প্ৰতিভাময়ী গায়িকা গীতা দত্তক৷ পিছত গুৰু দত্ত ‘চি আই ডি’ ছবিখনৰ যোগেদি নায়িকা ৱাহিদা ৰহমাণৰ লগত পৰিচয় ঘটে৷ গুৰু দত্ত ৱাহিদাৰ অধিক কাষ চাপে ‘প্যাৰ’ ছবিখনৰ পৰা৷ এনেদৰেই পাঁচবছৰ দু্য়োৰে হিয়া-দিয়া-নিয়া হোৱাৰ পিছত ৱাহিদাই অনুভৱ কৰে যে তেওঁলোকৰ এই প্ৰেমে গুৰু দত্তৰ সাংসাৰিক জীৱনত অশান্তিৰ সৃষ্টি কৰিছে সেইবাবে তেওঁ গুৰু দত্তৰ পৰা আতঁৰি যায়৷ কিন্তু গুৰু দত্তই ৱাহিদাৰ প্ৰতাৰণা সহ্য কৰিব নোৱাৰিলে আৰু মাত্ৰাধিক শ্লিপিং টেবলেট খাই চিৰদিনৰ বাবে নিদ্ৰাৰ কোলাত শুই পৰিল৷ তাৰ কিছুদিনৰ পিছতে পত্নী গীতা দত্তও আত্মহত্যা কৰে৷
প্ৰখ্যাত অভিনেতা-পৰিচালক ৰাজ কাপুৰ আৰু নার্গিচৰ প্ৰথম দেখা-দেখি হয় মেহবুব খানৰ ছবি ‘অন্দাজ’ৰ ছেটত৷ ইয়াৰ পিছতেই দুয়ো প্ৰেমত পৰে৷ কিন্তু বিখ্যাত ‘মাডাৰ ইণ্ডিয়া’ ছবিখনত নার্গিচে ৰাজ কাপুৰৰ সন্মতি অবিহনে অভিনয় কৰাৰ বাবেই দুয়োৰে প্ৰেমত বিচ্ছেদ আহে৷ পিছত নার্গিচ সুনীল দত্তৰ লগত বিবাহপাশত আবদ্ধ হয়৷
নমক হাৰাম’ ছবিখন কৰি থকাৰ সময়তেই মোহময়ী অভিনেত্ৰী ৰেখা আৰু অমিতাভ বচ্চনৰ প্ৰেম আৰম্ভ হয়৷ এই প্ৰেম এটা সময়ত এৰাব নোৱাৰাকৈ গভীৰ হৈছিল৷ কিন্তু ‘কুলি’ ছবিখনৰ শ্বুটিঙৰ সময়ত অমিতাভ বচ্চনৰ এক দুর্ঘটনাৰ হয় আৰু সেইসময়ত কৌশল কৰি ৰেখাক আতঁৰাই ৰাখি জয়া ভাদুৰীয়ে সেই স্থান অধিকাৰ কৰে৷ ৰেখাই অকলশৰেই ব্যর্থ প্ৰেমৰ বোজা বৈ দিন পাৰ কৰে!
আজি-কালিৰ হিন্দী ছবিজগতৰ শিল্পীৰ প্ৰেমে পূর্বেৰ কাহিনীৰ দৰে দর্শকক ৰোমাঞ্চকৰ অনুভৱ দিব নোৱাৰে বাবেই আমি এই চুটি লেখাত তেওঁলোকৰ কাহিনী লেখাৰ পৰা বিৰত থাকিলোঁ৷

Read More